E-Samarth Admission Portal  College Admissiom Portal   Infosys Springboard


College Anthem



মহাবিদ্যালয়ৰ সংগীত



“বাণিজ্যে বসতি লক্ষীঃ
তদৰ্ধ কৃষি কৰ্ম্মানি
তদৰ্ধ ৰাজ সেৱায়াং
ভিক্ষায়াং নৈৱ নৈৱ চঃ ।।”
জ্বলালো বন্তি গছি
জ্ঞানৰ জ্যোতিৰে
প্ৰতিভাৰ শলিতা লগাই,
তমসা বিদূৰ কৰি
পোহৰাব ধৰাখনি
প্ৰাণে প্ৰাণে প্ৰজ্ঞাৰ শিখা উজ্বলাই ।।
কৰ্ম্ম আমাৰ গতি শক্তি
লক্ষ সূৰ্য্য শিখা
পৰম ত্যাগেই হ’ব আমাৰ গুৰু দক্ষিণা,
আলোকিত যাত্ৰা যাওঁ আগুৱাই ।
প্ৰাণে প্ৰাণে প্ৰজ্ঞাৰ শিখা উজ্বলাই ।।
গোপীনাথে আমাৰ যাত্ৰাৰ
দিলেহি পথৰ উমান
আহা আমি যাওঁ সেই পথেৰে
জ্ঞানৰ কৰো সন্ধান,
বহু জনৰ স্মৃতি আৰু
প্ৰাণৰ তৃষা লৈ
জ্বলি ৰ’ব বন্তি গছি
ন – ন প্ৰেৰণা হৈ
আলোকিত যাত্ৰা যাওঁ আগুৱাই ।
প্ৰাণে প্ৰাণে প্ৰজ্ঞাৰ শিখা উজ্বলাই ।।
গীতৰ কথা – দীপা বৰা ৰাজা
সুৰ – সূৰ্য্য কুমাৰ ৰাজা



A lamp is lit in the temple of learning by burning the wick of knowledge and wisdom. the founding fathers dreamt of dispelling the darkness from every mind and hence paved the radiant path for all aspiring minds. since then generations of knowledge seekers with a thirst for the unknown and a zeal for perseverence have trudged the golden path with the aim to reach the sun.
- English translation by Dr. Jonali Sharma




Powered By S.S. Technologies